लिव लव लाफ...
10 Feb 2019

কৃতজ্ঞতা

‘কোনো লোকৰ বাবে যি মূল্যবান তথা অৰ্থপূৰ্ণ তাৰ প্ৰশংসা কৰা আৰু ধন্যবাদ আৰু/বা উপলব্ধিৰ সাধাৰণ স্থিতি ব্যক্ত কৰা’’ (চেন’নে এণ্ড চেন’নে, 2010)

কৃতজ্ঞতা শব্দটো বিভিন্ন প্ৰসঙ্গত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়, যেনে- এক আৱেগিক স্থিতি, এক আচৰণ, এক ব্যক্তিগত গুণ আৰু আনকি এক নৈতিক গুণৰ ক্ষেত্ৰতো। কৃতজ্ঞতাৰ অৱধাৰণাটো ইতিবাচক মনোবিজ্ঞানৰ অংশ যি হৈছে ইতিবাচক মানৱ কৰ্মৰাজিৰ বৈজ্ঞানিক অধ্যয়ন আৰু যি জীৱনক সৰ্থক কৰি তোলে (উৎস)| ওপৰত উল্লেখ কৰা সংজ্ঞাৰ দ্বাৰা এক অধিক সাৰ্বজনীন সংজ্ঞাৰ বাবে এই স্থিতিবোৰ সন্মিলিত কৰিব বিচৰা হৈছে।

কেৱল ‘‘ধন্যবাদ’’ বুলি কোৱাতকৈ কৃতজ্ঞতা প্ৰকাশ কৰাটো অধিক অৰ্থৱহ

কৃতজ্ঞতা প্ৰকাশৰ আচৰণ সাৰোগত কৰাটো ফুটি উঠিবলৈ তথা আপুনি আপোনাৰ জীৱনত সুন্দৰ বুলি অনুভৱ কৰা বস্তুবোৰৰ প্ৰতি মনোযোগ প্ৰদান কৰাৰ বাবে সময় লাগে। ফলস্বৰূপে, আপুনি আপোনাৰ চাৰিওফালে থকা পৃথিৱীখনক অধিক দয়ালু আৰু ইতিবাচক অনুভৱ কৰিব। কৃতজ্ঞতাই ব্যক্তিগত সম্বন্ধ লাভান্বিত কৰি তোলে কিয়নো ই ক্ষমা কৰা তথা অত্মৰতি কম কৰাৰ সক্ষমতাৰ সৈতে জড়িত (উৎস)। গৱেষণাৰ পৰা পোৱা গৈছে যে, কৃতজ্ঞতা প্ৰদৰ্শন কৰাটো এজন লোকৰ সামগ্ৰিক সুস্থতাৰ সৈতে জড়িত। কৃতজ্ঞতা প্ৰদৰ্শন কৰি আপুনি এক ইতিবাচক আচৰণ প্ৰকট কৰে যি আপোনাৰ উন্নত ব্যক্তিগত, বৃত্তিগত আৰু সামাজিক জীৱনৰ ওপৰত প্ৰভাৱ পেলায়।

Expressing Gratitude

কৃতজ্ঞতাৰ সাধাৰণতে দুটা পথ আছে:

  • অন্তৰ্প্ৰৱাহ: আপোনাৰ জীৱনৰ সকলো ভালবোৰ স্বীকাৰ কৰা। যিবোৰ আপোনাৰ আছে আৰু আপুনি প্ৰাপ্ত কৰিছে সেই সকলোবোৰৰ প্ৰশংসা কৰা।
  • বহিৰ্প্ৰৱাহ: আপোনাৰ চাৰিওফালে থকা পৃথিৱীৰ ভালবোৰ স্বীকৃত কৰা, উদাহৰণ স্বৰূপে আন লোক, পশু, প্ৰকৃতি আৰু আপোনাৰ বাহিৰে আন যিকোনো।


কৃতজ্ঞতা কিয় গুৰুত্বপূৰ্ণ
(উৎস)

  • স্বাস্থ্যৰ বাবে লাভদায়ক, মানসিক আৰু শাৰীৰিক দুয়ো প্ৰকাৰে- যিবোৰ লোকে কৃতজ্ঞতা প্ৰকাশ কৰে সেই লোকবোৰ আনবোৰ লোকৰ তুলনাত বিষ আৰু যন্ত্ৰাত ভোগাৰ সম্ভাৱনা কম। কৃতজ্ঞ লোকে সম্ভৱতঃ নিজৰ যত্ন বেছিকৈ লয়, যি তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। কৃতজ্ঞতা প্ৰদৰ্শন কৰা ব্যক্তিৰ সামগ্ৰিকভাৱে ইতিবাচক আচৰণ থাকে আৰু ইয়াৰ ফলস্বৰূপে তেওঁ ঈৰ্ষা, হতাশা বা বিৰক্তিৰ লেখীয়া নেতিবাচক বা বিষাক্ত আৱেগবোৰ অতি কমকৈ প্ৰাপ্ত কৰে। গৱেষক ৰবাৰ্ট ইম’নছে কৃতজ্ঞতা আৰু সুখানুভৱৰ মাজত এক ইতিবাচক সম্বন্ধ বিচাৰি পাইছিল।
  • সহানুভূতি বঢ়ায় আৰু খং হ্ৰাস কৰে – ই হৈছে কোনো লোকৰ চাৰিওফালে থকা পৃথিৱীখনৰ প্ৰতি থকা তেওঁৰ কৃতজ্ঞতাৰেই ফলশ্ৰুতি।
  • কৃতজ্ঞতাই আপোনাৰ ভাল টোপনি অহাত সাহয় কৰিব পাৰে – এক অধ্যয়নৰ পৰা গম পোৱা গৈছে যে, কোনো এজন ব্যক্তিয়ে যদি শোৱাৰ পূৰ্বে 15 মিনিট সময় ব্যৱহাৰ কৰি গোটেই দিনটোত কৃতজ্ঞতা অনুভৱ কৰা মুহূৰ্তবোৰৰ কথা লিখি পেলায়, তেন্তে তেওঁ দীঘলীয়াকৈ আৰু ভালদৰে শুব পাৰে।
  • আত্ম-সন্মান বৃদ্ধি পায়- ইয়াৰ কাৰণ হৈছে কৃতজ্ঞতা প্ৰকাশে সামাজিক তুলনা হ্ৰাস কৰে, কৃতজ্ঞ লোকে আনৰ বাবে আনন্দ তথা তেওঁৰ উপলব্ধিসমূহ বিচাৰি ল’বলৈ সক্ষম।

কৃতজ্ঞতা প্ৰকাশৰ আচৰণ সাৰোগত কৰাৰ পদ্ধতি

  • কৃতজ্ঞতাৰ জগ: আপুনি প্ৰতিদিনে যিবোৰ কাৰণত কৃতজ্ঞ সেইবোৰৰ সৰু সৰু টোকা লিখি বা ডুডল তৈয়াৰ কৰি এটা জগত ভৰাওক। ই এক অত্যন্ত কঠিন বা দীৰ্ঘ দিনবোৰৰ বাবে এক আশ্বাস হিচাপে কাম কৰিব পাৰে।
  • কৃতজ্ঞতাৰ পত্ৰিকা: আপুনি কৃতজ্ঞ হোৱা মুহূৰ্তবোৰৰ প্ৰকাশেৰে সন্নিৱিষ্ট। মনোবিজ্ঞানী ৰবাৰ্ট এম’ন্ছৰ মতে ই সুস্থতা আৰু জীৱনৰ সন্তুষ্টি উল্লেখনীয়ভাৱে বৃদ্ধি কৰিব পাৰে।
  • আপুনি মনেপ্ৰাণে ভাল বুলি অনুভৱ কৰা কোনো কাৰ্য্যৰ সমৰ্থনৰ বাবে আপোনাৰ সময় বা ধনেৰে অৱদান আগবঢ়োৱা।
  • কৃতজ্ঞতাক কেৱল এক ক্ষণিক স্থিতি হিচাপে ৰখা উচিত নহয়। আমাৰ প্ৰিয়সকলে আমাৰ বাবে কৰা সৰু সৰু কামবোৰ আমি প্ৰায়ে প্ৰাপ্য বুলিয়েই ভাবি লওঁ। আপোনাৰ বাবে আনসকলে কৰা কামবোৰৰ স্বীকৃতি দিয়ক আৰু প্ৰশংসা কৰিবলৈ চেষ্ট কৰক আৰু তেওঁলোকক ধন্যবাদ দিয়াটো নিশ্চিত কৰক।

প্ৰথম অৱস্থাত এয়া আপোনাৰ আচৰণসমূহৰ মাজলৈ প্ৰাকৃতিকভাৱে নাহিবও পাৰে, কিন্তু আপুনি নিজকে কৃতজ্ঞতা প্ৰদৰ্শনৰ বাবে প্ৰশিক্ষিত কৰি তোলক। কেৱল আপোনাৰ চাৰিওকাষে থকা পৃথিৱীখন নিৰীক্ষণ কৰিবলৈ সময় লৈ বা ওপৰত উল্লেখ কৰা কামসমূহৰ যিকোনো এটা কৰি আপুনি শিকি উঠিব পাৰিব- কৃতজ্ঞতা কেনেকৈ প্ৰদৰ্শন কৰিব পৰা যায়।

X